মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

ভৱিষ্যতৰ ভৰসা

তথ্য প্ৰযুক্তি খণ্ডৰ উন্নয়নৰ লগে লগে চাৰু ক’লাৰ ভবিষ্যতটোও প্ৰচুৰ সম্ভাৱনা পূৰ্ণ হৈ উঠিছে। ক‘লা বিদ্যাৰ শক্তিশালী “প্ৰোগ্ৰেমাৰ” বিলাকে ছাত্ৰ সকলৰ আন আন শৈক্ষিক কৃতকৰ্মত প্ৰভূত বৰঙণি যোগায়, যিহেতুকে শিল্পকৰ্মই মানুহৰ মগজুৰ সোঁ-ফালৰ ব্যায়াম বৃদ্ধি কৰে আৰু চিন্তা শক্তিৰ উন্মেষ ঘটাই। সেই বাবেই GCAC ৰ শিক্ষক সকলে পাঠ পঢ়া চোৱা, আৰু প্ৰাকৃতিক দিশৰ পৰা মন কৰা আৰু মানুহৰ কৃত কৰ্ম সমূহৰ মোল বুজি তাকে প্ৰয়োগ কৰিবলৈ সদায় উত্সাহিত কৰি আহিছে। তেওঁলোকক এই সুক্ষ্ম গঢ়গতি সমূহ কেনেকৈ নিজ নিজ বিষয়ত সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰি সেই কথাটোকে যোগাই থকা হৈছে। সঠিক শিক্ষা পদ্ধতিয়ে শিল্পীজনৰ ভিতৰত থকা সৃষ্টি, কল্পনা আৰু কৰ্মশক্তিক জগাই তোলে। প্ৰতিটো নক্সা খণ্ড, NID, IIT (নক্সা) এডভাৰটাইজমেন্টৰ জগত্ খন, চিনেমাটোগ্ৰাফী, প্ৰচাৰ মাধ্যম আৰু সকলো সাম্ভাৱ্য দৃশ্যমান যোগাযোগৰ ক্ষেত্ৰত সৃষ্টিশীলতা এক অত্যাৱশ্যকীয় সম্পদ। এটা কথা নকলেও হয় যে এই তথ্য প্ৰযুক্তিৰে, সমৃদ্ধ খণ্ডত ব্যৱসায়ীক ব্যক্তি সকলৰ চাহিদা অভূতপুৰ্ব্ব ধৰণৰ।