ক'লা শিক্ষা হৈছে দৃশ্যমান, বোধগম্য শিল্প —দ্ৰইং, চিত্ৰ শিল্প, ভাস্কৰ্য্য আৰু নক্সাৰ বিভিন্ন আকৃতি থকা অঞ্চল। ডিজাইন শিল্পক বহুবিলাক প্ৰায়োগিক শাখাত যেনে, বাণিজ্যিক গ্ৰাফিকচ, গৃহ সজ্জা, ফটোগ্ৰাফী, বাণিজ্যিক এডভাৰটাইমেন্ট, চিনেমা, ডিজিটেল ক’লা আদিৰ দৰে সংযোগী নক্সাত ব্যৱহাৰ কৰিব পাৰি। ইয়ে বিশেষ কৌশল, কাৰিকৰী দিশ, ক’লা সমালোচনা আৰু ক’লাৰ বুৰঞ্জীৰ ওপৰত কেন্দ্ৰীভূত হয়। ক’লা সুলভ ব্যৱহাৰৰ শিক্ষা দিয়াটো বোধহয় আমাৰ পূৰ্ব্বপুৰুষৰ এটা সূত্ৰ আছিল। ছাত্ৰ বিলাক শিল্পী হব লাগে, নিজ আগ্ৰহৰ বাবে নিজেই কৌশলৰ সৃষ্টি কৰি, সমালোচনা কৰি, ক’লা শিল্পৰ বুৰঞ্জীত আত্মপ্ৰকাশ কৰি আৰু প্ৰয়োগ কৰি, আৰু নিজৰ কৰ্মৰ লগত সংযোজিত হৈ নিজেই শিকিব লাগে।
ক’লা শিল্পৰ ছাত্ৰসকলে পৰম্পৰাগত আৰু আধুনিক সঁজুলিবিলাকে অকল ব্যৱহাৰ কৰিবলৈয়েই শিকা নাই; কিন্তু তেওঁলোকে নিজৰ সৃষ্টি কৰ্ম কৰাত নিজেই নিৰীক্ষণ কৰি অনুভৱ কৰি নিজৰ শিল্প কৰ্ম হিচাপে প্ৰতিস্থা কৰে আৰু লগে লগে আন শিল্পীৰ শিল্পী সৃষ্টিকো সন্মান জনাই, বৰ দৰ্কাৰী কথাটো হ’ল, তেওঁ নিজৰ স্বকীয়তাক সগৌৰৱে বজাই ৰাখিও এই গোলকীকৰণৰ যুগত আনিব কৃষ্টি আৰু সভ্যতাক মানিবলৈ আৰু সন্মান কৰিবলৈ শিকিছে।
গতিকে আমাৰ ক’লা শিক্ষাৰ লক্ষ্য আৰু কৰ্ম হ’ল শৈল্পীক সক্ষমতা থকা লৰা-ছোৱালী বিলাকক ওপৰত কোৱা এইটো ঠাচত গঢ় দিয়া, আৰু নিজকে সুন্দৰৰ পূজাৰী হিচাপে গঢ় দিব পৰাৰ জোখেৰে সেইফেৰা জ্ঞানৰ সঠিক সন্ধান দিয়া যাতে সৃষ্টিশীল জগতত তেওঁ খাপ খাই পাৰিব পাৰে। সি বা তাই শিল্পবিদ্যাৰ শিক্ষক হবলৈ যো-জা কৰি সঠিক সংযোগী কৌশলেৰে সেই মাধ্যমত এজন নামী শিল্পী হব, যদিহে তেওঁৰ লক্ষ্যটো সৃষ্টিৰ সঠিক দিশত থাকে।