মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

অধ্যয়নৰ পাঠ্যক্ৰম

  • মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি.এফ.এ পাঠ্যক্ৰম আগবঢ়াই

    ক‘লা মহাবিদ্যালয়ে পাঁচবছৰীয়া(২+২+১) ক ‘লাৰ সংযুক্ত পাঠ্যক্ৰমৰ প্ৰশিক্ষণ সমাপ্ত কৰি বেচ্চেলৰ অৱ ফাইন আৰ্ট ডিগ্ৰী দিয়ে

    অধ্যয়নৰ বাবে পাঠ্যক্ৰম

    ৫(পাঁচ) বছৰীয়া সংযুক্ত বি.এফ.এ পাঠ্যক্ৰমত আছে,

    • দুবছৰীয়া (২) প্ৰাৰম্ভিক পাঠ্যক্ৰম
    • তৃতীয়ৰ পৰা পঞ্চম বছৰলৈ বিশেষজ্ঞ পাঠ্যক্ৰম

    ভাৰতৰ আন আন দৃশ্যমান ক‘লাৰ সমপৰ্য্যায়ত থকা এই সম্পূৰ্ণ পাঠ্যক্ৰমটোক  ‘বেচ্চেলৰ অৱ ফাইন আৰ্ট’ ( B.F.A) বুলি কোৱা হয়।

    পাঠ্যক্ৰমৰ প্ৰথম দুবছৰ প্ৰাৰম্ভিক পাঠ্যক্ৰম বুলি কোৱা হয়, আনহাতে
    বাকী ৩ বছৰ (১ ম আৰু ২য় খণ্ড) ই তলত লিখা যিকোনো এটা বিষয়ত বিশেষজ্ঞ পাঠ্যক্ৰম আগবঢ়াইঃ-

    • চিত্ৰশিল্প
    • প্ৰায়োগিক ক ‘লা
    • ভাস্কৰ্য্য
    • গ্ৰাফিক ক ‘লা
    • এই সকলো বিলাক বিষয়ৰ লগতে ভাষা সাহিত্য(এম.আই.এল/ ইংৰাজী),  আৰু প্ৰাৰম্ভিক পাঠ্যক্ৰমত কাৰু শিল্প বাধ্যতামূলক।
    • ১ ৰ পৰা ৫ ম বৰ্ষলৈ  ‘ক ‘লা শিল্পৰ বুৰঞ্জী’ বিষয়টো বাধ্যতামূলক।

    আসনৰ ক্ষমতা

    প্ৰতিটো বছৰতে এডমিচনৰ বাৰ্ষিক ক্ষমতা ২৫ আৰু ৩০ ৰ ভিতৰত।

    প্ৰাৰ্থীসকললৈ সাধাৰণ জাননী

    ওপৰোক্ত পাঠ্যক্ৰমৰ বাবে আসনৰ সংখ্যা সীমিত আৰু লিখিত পৰীক্ষা, প্ৰায়োগিক পৰীক্ষা আৰু ইন্টাৰভিউৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি এডমিচন দিয়া হব, এডমিচন কমিটিৰ মতামতেই চূড়াম্ত বুলি গণ্য হব।

    বৰ্ত্তমান কোনো ধৰণৰ হোষ্টেলৰ সুবিধা নাই। ছাত্ৰসকলে মহাবিদ্যালয় চৌহদত থকা সময়খিনিত সাৱধানে থাকি কৰ্ত্তৃপক্ষই নিৰ্দ্ধাৰণ কৰা নিয়মানুবৰ্ত্তিতা মানি চলিব লাগিব আৰু নিয়মানুবৰ্ত্তিতা ভঙ্গ কৰা ছাত্ৰৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হব। প্ৰতিস্থানৰ অতিৰিক্ত পাঠ্যক্ৰমৰ ওপৰঞ্চি কামত সকলো ছাত্ৰই অংশ গ্ৰহণ কৰিব লাগিব। বাৰ্ষিক/ অন্তিম পৰীক্ষাত অৱৰ্তীৰ্ণ হবলৈ হলে প্ৰতিটো বছৰৰ ছাত্ৰই কমেওঁ ৭৫ %  উপস্থিতি থকা হব লাগিব আৰু বিভাগীয় শিক্ষক সকলে কৰা আন্তঃমূল্যায়ণত (Internal Assessment)  উত্তীৰ্ণ হব লাগিব।

    নিৰ্দ্ধাৰ্য্য সময়(Term)

    ১ ম টাৰ্ম : ১ আগষ্টৰ ৰ পৰা ৩০ চেপ্তেম্বৰ
    ২ য় টাৰ্মঃ ১ নবেম্বৰৰ পৰা ৩০ মে
    - পুৱা ১০.৩০ ৰ পৰা আবেলি ৪.০০ বজালৈ