মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

ভাস্কৰ্য্য বিভাগ

ভাস্কৰ্য্য হৈছে ত্ৰৈমাত্ৰিক ক’লা। ইয়াৰ বাবে পৰম্পৰাগত ভাৱে দুটা পদ্ধতি আছেঃ- শিল বা কাঠত নক্সা কটা আৰু আকৃতি বা ঠাচত তৈয়াৰ কৰা। শিল বা কাঠত নক্সা কাটিবলৈ শিল বা কাঠৰ প্ৰয়োজন আৰু ঠাচত গঢ়িবলৈ কুমাৰৰ মাটি,পুৰণা লোহা, পিতল,ৰূপ আদি। আধুনিক শিল্পী সকলে নতুন বস্তু আৰু কৌশল উদঘাটন কৰিছে। ভাস্কৰ্য্যৰ বাবে প্ৰয়োজনীয় প্ৰধান বস্তু সমূহ হৈছে,বোকা বা আলতীয়া মাটি,চিমেন্ট,প্লাষ্টাৰ অৱ পেৰিচ,কাঠ,শিল,ধাতু আৰু আঁহ ইত্যাদি।

ভাস্কৰ্য্যক সাধাৰণভাৱে এনেকৈ সংজ্ঞা দিব পাৰি, “ খোদিত কৰি বা বটালিৰে খুলি(কাঠ বা শিলত), ঠাচত গঢ়ি(কুমাৰ মাটিৰ দৰে)নাইবা ঢালাই কৰি ভাস্কৰে শিল্প কৰ্মৰ মৰ্য্যাদা দিয়াটোৱে হ’ল ভাস্কৰ্য্য শিল্প” ।  

বিশেষজ্ঞ পাঠ্যক্ৰম

জীৱিতাৱস্থাৰ নক্সা বিদ্যা অধ্যয়নঃ-(ভাৰতীয় নক্সাৰ শ্ৰেণী কৰণ)

  • জোখ মাপৰ সাধাৰণ সূত্ৰ
  • সাদৃশ্য আৰু মিলৰ সাধাৰণ সূত্ৰ
  • অঙ্গী ভঙ্গী আৰু ৰেহৰূপৰ সাধাৰণ সূত্ৰ

পৌৰাণিক গ্ৰীক আৰু গ্ৰীক ৰোমান ধৰণৰ জোখ মাপৰ  সূত্ৰ

ভাস্কৰৰ নক্সা অঁকা কৌশলৰ দৰ্কাৰী কথা

বোকা-মাটিৰ মূৰ্ত্তি সজা বিদ্যা অধ্যয়ন (ৰিলিফ স্ক্লাপচাৰ)

  • ৰিলিফ কৰ্ম কৰাৰ বাবে কাৰিকৰী বিশদ বিৱৰণ
  • সাধাৰণ বোকা মাটিৰ ৰাসায়নিক আৰু ভৌতিক গুণাগুণ
  • ভাস্কৰ্য্য সৃষ্টিৰ মাধ্যম হিচাপে সাধাৰণ মাটিৰ সুবিধা আৰু অসুবিধা সমূহ
  • বোকা মাটি নিৰ্বাচন আৰু শুকুৱা পদ্ধতি
  • ৱেড জিং / পৰীক্ষা কৰা / ভগা ছিগা কৰা পদ্ধতি

কম্প’জিচন অধ্যয়নঃ-

ভাস্কৰ্য্যৰ এটা কম্প’জিচনত উদ্ভৱ হোৱা সমস্যা সমূহ, যেনে, ৰেখা, ছন্দ, পৰিমাণ, অৱতল-উত্তল, ছাঁ আৰু পোহৰৰ লুকাভাকু। সম্পূৰ্ণ / আধা প্ৰতিমূৰ্ত্তি সজা বাবে কাৰিকৰী বিৱৰণ।

মৃন্ময় মূৰ্ত্তি সজা বিদ্যা অধ্যয়ন

  • মৃম্ময় মূৰ্ত্তিৰ বাবে বোকা মাটি প্ৰস্তুতি
  • লেখ-চিত্ৰ সজা আৰু ইয়াক লগ লগোৱা,যাতে কোচ খোৱা আৰু ভাঁজ লগাটো কমে।
  • মৃন্ময় মূৰ্ত্তিত জুই লগোৱা কৌশল
  • বেষ্টনত জোৰা দিয়া শঙ্কু আৰু ভাৰতীয় পৰম্পৰা মতে মৃন্ময় মূৰ্ত্তিত জুই লগোৱা কাৰ্য্য, বোকা-মাটিৰ কৰ্ম-১
  • মৃন্ময় মূৰ্ত্তিত জুই লগোৱা আধুনিক পদ্ধতি
  • মৃন্ময় মূৰ্ত্তিত জুই লগাবলৈ উপকৰণ সমূহ মিহলি কৰা আৰু মৃন্ময় মূৰ্ত্তিক ঠাচত গঢ়া  / ৰিলিফ কৰ্ম / খেৰ খুওৱা পদ্ধতি / কুমাৰৰ চাকত পৰীক্ষা কৰা পদ্ধতি।

কাঠত নক্সা কটা বিদ্যা অধ্যয়ন

  • ভাস্কৰ্য্যৰ বাবে কাঠৰ ধৰণৰ উপযোগিতা
  • কাঠৰ ওজন, আঁহৰ ধৰণ, আকৃতি একে হোৱা
  • বাহিৰৰ চিহ্ন চাই টান আৰু ঢিলা কাঠ চিনাক্তকৰণ
  • ভাস্কৰ্য্যৰ বাবে্ ব্যৱহৃত স্থানীয় কাঠ,যেনে,চেগুন কাঠ, মেহগনি, গমাৰি, হালদি, শিৰীশ, ৰোজ কাঠ ইত্যাদি।
  • কাঠ ডোখৰক আকৃতিক দিয়া পদ্ধতি
  • কাঠ কোচ খোৱা কাৰক সমূহ আৰু তাৰ বাবে ব্যৱস্থা
  • কাঠ ডোখৰৰ কাম সম্পূৰ্ণ কৰি ৰং কৰা কৌশল
  • কাঠত খোদাই কৰা আৰু তাক সংৰক্ষণ কৰা কৌশল।

 ঠাচত মৰা বিদ্যা অধ্যয়ন

  • প্লাষ্টাৰ অৱ পেৰিচৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণ
  • ভাস্কৰ্য্যৰ মাধ্যমৰ বাবে প্লাষ্টাৰৰ সুবিধা আৰু অসুবিধা সমূহ
  • প্লাষ্টাৰৰ মিহলি দ্ৰব্য বনোৱা
  • প্লাষ্টাৰৰ ঠাচ বনোৱা পদ্ধতি
  • ঠাচ বনোৱাত তত্ক্ষণাত্ লাগি ধৰিবলৈ ত্বৰণ কৰা দ্ৰব্য
  • প্লাষ্টাৰৰ ঠাচটো টান আৰু শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰা কৌশল
  • পানী নসৰকা আৰু শুকুৱা পদ্ধতি
  • খৰছ কমোৱা আৰু মেৰামত কৰা কৌশল
  • প্লাষ্টাৰৰ ঠাচটো ৰং কৰা
  • চিন্থেটিক ঠাচ, ৰবৰৰ ঠাচ, কোল্ড মোল্ডিং যৌগ, আৰু এটা ফ্লেক্সিবল ঠাচ পদ্ধতি, জিলেটিন ঠাচ, ইপ’ক্সি, ৰেচিন আদি ব্যৱহাৰৰ কৌশল

শিলত মূৰ্ত্তি কটা বিদ্যা অধ্যয়ন

  • ভাস্কৰ্য্যত ব্যৱহৃত স্থানীয় ভাৱে পোৱা শিলবিলাক হৈছে-গ্ৰেনাইট, মাৰ্বল, বালিয়া শিল ইত্যাদি
  • মূৰ্ত্তি কাটিবলৈ শিল নিৰ্বাচন
  • কাৰ্ভিং / পইন্টিং এনলাৰ্জিং / মিহি কৰা, চাফ কৰা ধৰণৰ পৰিচৰ্য্যা
  • মেৰামতি কৰাৰ কৌশল আৰু প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে শিলা মূৰ্ত্তি কটাৰ পদ্ধতি

ধাতৱ ঠাচ বিদ্যা অধ্যয়ন

  • ধাতু আৰু সংকৰ ধাতুৰ ভাস্কৰ্য্যত ব্যৱহাৰ
  • ধাতুৰ ওপৰত বুৰঞ্জীমূলক টোকা
  • ধাতৱ ঠাচৰ বালিৰ পৰিচৰ্য্যা-মোল্ড পদ্ধতি / ডোক্ৰা পদ্ধতি/ দি লষ্ট ৱজ বা চায়াৰ-পৰ্ডিউ পদ্ধতি
  • ধাতৱ ভাস্কৰ্য্যটোক চাফ কৰা, ৰি-টাচ্চ কৰা, ফিনিচিং টাচ্চ দিয়া
  • ঠাচত ব্যবহাৰ্য্য বিভিন্ন সঁজুলি
  • পতিনা কৌশল। লিষ্ট টেক্সট-৩
  • ডি-ৱাস্কিং আৰু ডি-ফোমিং কৌশল/ ৱাক্স প্ৰস্তুত কৰা কৌশল / ৱাক্সিং কৌশল / আৰু প্লাষ্টাৰ প্ৰয়োগ কৌশল
  • পিচ মোল্ড আৰু মাদাৰ মোল্ডৰ কৌশল।

পৰম্পৰাগত ভাস্কৰ্য্যৰ পৰা নিয়মমত পদাৰ্থ সমূহৰ অধ্যয়ন (মুখা বনোৱা কৌশল)