মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

প্ৰায়োগিক ক’লা

প্ৰায়োগিক ক’লা হৈছে দৃশ্যমান ক’লাৰ(চাৰু ক’লা)ৰ এটা অংশ। এইটো হৈছে সাধাৰণভাৱে ক’লাৰ এক ব্যৱহাৰিক কৰ্ম আৰু দৈনন্দিন বস্তু বিলাক নান্দনিক ভাৱে ভাললগা আৰু আকৰ্ষণীয় কৰিবলৈ বুলি নক্সা আৰু অলঙ্কৃত কৰিবলৈ ব্যৱহাৰ কৰা হয়, যিটোৱে ধী শক্তি উত্সাহ যোগোৱা বস্তুক উত্পন্ন কৰাৰ লক্ষ্য কৰে। এটা নিৰ্দিষ্ট ধৰণ সৃষ্টি কৰা আৰু অলঙ্কৃত কৰা হ’লে তাকে নক্সা বা ডিজাইন বুলি কোৱা হয়। ডিজাইনাৰ বা প্ৰায়োগিক ক’লা শিল্পীজন ক’লা শিল্পৰ যেনে, বানিজ্যিক নক্সাৰ ইস্তাহাৰ, ফটোগ্ৰাফী, ফেচন ডিজাইন, গ্ৰাফিক ডিজাইন, অটোটোক্সাৰ ডিজাইন, ইন্টেৰিঅ’ৰ ডিজাইন, ব্যাখ্যা চিত্ৰ, পোষ্টাৰ ডিজাইন, হোৰ্ডিং ডিজাইন, প্ৰেছৰ লে আউট আৰু বহুত কিবা কিবি বস্তু ভিতৰত থূপখাই থকা এজন লোক। প্ৰধানকৈ এইটো হৈছে উপভোক্তাৰ বাবে সামগ্ৰী বনোৱা এটা শাখা। মাৰ্কেটিঙৰ প্ৰধান অংশ হৈছে ইস্তাহাৰ বা এডভাৰটাইজিং এজন ডিজাইনাৰে সদায় তেওঁৰ বস্তুটোৰ ওপৰত এটা যুক্তি দি প্ৰচাৰ কৰে যে বজাৰত প্ৰচলিত বস্তুতকৈ নতুনকৈ উলিওৱা এই বস্তুটো ভাল, এডভাৰটাইজমেন্টৰ ক্ষেত্ৰখনত, এজন ডিজাইনাৰে গ্ৰাহকৰ মনত তেওঁৰ সামগ্ৰীখিনি গ্ৰাহকৰ পচন্দ মতে কিনিবলৈ তেওঁলোকক আকৰ্ষণ কৰে আৰু সদস্য ইচ্ছাৰ সৃষ্টি কৰে। ছপাৰ আখৰ বহুৱাতোও(Typography)ডিজাইনিঙৰ এটা বিশেষ অংশ। শিল্পীজনে তেওঁৰ ডিজাইনিঙৰ বাবে বেলেগ বেলেগ আখৰৰ নক্সা বনাই। কাৰণ বেলেগ বেলেগ ধৰণৰ আখৰে বেলেগ বেলেগ অৰ্থ সূচায়। আখৰৰ আকৃতিটোক আখৰৰ ‘এনাটমী’ বুলি কয়। এনেকৈয়ে এজন গ্ৰাহকক তেওঁলোকৰ দৈনন্দিন জীৱনত দৰ্কাৰ হোৱোকৈ সদায় নতুন বস্তু যোগান দিয়ে। দৃশ্যমান কৰা আৰু নক্সা কৰা, প্ৰায়োগিক ক’লাত দুয়োটাই বেলেগ অংশ। ব্যাখ্যা চিত্ৰ হৈছে নক্সাৰ ওপৰত আৰু দৃশ্যমান কৰা হৈছে ফটোগ্ৰাফী/টাইপোগ্ৰাফীৰ ওপৰত নিৰ্ভৰশীল। এই সকলো বিলাকেই হৈছে গ্ৰাহকক সন্তুষ্ট কৰা আৰু আধুনিক জীৱন শৈলী সুন্দৰ আৰু সহজ কৰা।