মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

নামভৰ্তিৰ নিয়ম আৰু মাচুল

নতুন  নামভৰ্তিৰ সময়

  • এইচ.এছ.এল.চি/ এইচ.এছ.এছ.এল.চি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই নতুন এডমিচন আৰম্ভ কৰিবলৈ নিয়ম আৰু জাননী দিয়া হয়।

নামভৰ্তিৰ বাবে কেনেকৈ আবেদন কৰিব

  • মহাবিদ্যালয়ৰ কৰ্ত্তৃপক্ষই সময়মতে এডমিচনৰ বাবে মহাবিদ্যালয়ৰ ‘ৱেবচাইট’ আৰু প্ৰধান বাতৰি কাকত সমূহত জাননী দিয়া হ’ব।
  • সময়মতে মহাবিদ্যালয়ে আবেদন পত্ৰ মুকলি কৰিব।
  • সবিশেষ জাননীত প্ৰচাৰ কৰা হ’ব।

আবেদন পত্ৰ কেনেকৈ সংগ্ৰহ কৰিব

  • সবিশেষ জাননীত প্ৰচাৰ কৰা হ’ব।

আবেদন পত্ৰৰ দাম

  • আবেদন পত্ৰৰ দাম, যিটো খুব সাধাৰণ, সেইটো সময়ত ঠিক কৰি জাননী দিয়া হ’ব।

আবেদন পত্ৰখন কেনেকৈ  ভৰ্ত্তি কৰিব

  • আবেদন পত্ৰখনৰ লগত দিয়া পুস্তিকাখনত সবিশেষ নিৰ্দ্দেশনা উপলব্ধ হ’ব।

আবেদন পত্ৰৰ লগত দিব লগা প্ৰয়োজনীয় নথি

  • নিম্ন লিখিত নথি সমুহৰ প্ৰত্যায়িত নকল আবেদন পত্ৰৰ লগত দাখিল কৰিব লাগিব।
  • মূল নথি সমূহ এডমিচনৰ সময়ত দাখিল কৰিব লাগিব।

(১) জন্মৰ প্ৰমাণ পত্ৰ / বয়সৰ প্ৰমাণ পত্ৰ
(২) উৰ্ত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ
(৩) অৱতীৰ্ণ হোৱা পৰীক্ষাৰ নম্বৰ তালিকা
(৪) অন্তিম বিদ্যালয়/মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষৰ পৰা চৰিত্ৰৰ প্ৰমাণ পত্ৰ।
(৫) স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
(৬) জাতিৰ প্ৰমাণ পত্ৰ(অনুসূচীত জাতি/ জনজাতি/অ’ বি.চি.,এম.অ’ বি.চি. শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে)
(৭)প্ ৰব্ৰজনৰ প্ৰমাণ পত্ৰ
(৮) দুখন পাৰ পত্ৰ আকৰৰ ফটো
(৯) মেডিকেল ফিটনেচ চাৰ্টিফিকেট
(১০) পিতৃ / অভিভাৱকৰ আয়ৰ প্ৰমাণ পত্ৰ

মাচুলঃ- 

নতুন এডমিচনৰ মাচুল

  • যিহেতু অনুস্থাখন এখন চৰকাৰী মহাবিদ্যালয়, এডমিচনৰ মাচুল খুব কম হব।
  • সঠিক পৰিমাণটো(কৰ্ত্তৃপক্ষই / চৰকাৰে)স্থিৰ কৰাৰ পিছত সময় মতে জনোৱা হব।

পুনৰ্নবীকৰণৰ মাচুল

  • পুনৰ্নবীকৰণৰ মাচুলো খুব কম।
  • সঠিক পৰিমাণটো(কৰ্ত্তৃপক্ষই / চৰকাৰে)স্থিৰ কৰাৰ পিছত সময় মতে জনোৱা হব।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়নৰ মাচুল

  • বিশ্ববিদ্যালয়ে স্থিৰ কৰা মতে(সবিশেষ জানিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেব চাইট চাব পাৰে)।

পৰীক্ষাৰ মাচুল

  • বিশ্ববিদ্যালয়ে স্থিৰ কৰা মতে।