মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

ক’লা শিল্পৰ বুৰঞ্জী

বি.এফ.এ পাঠ্যক্ৰমৰ বাবে ক’লা শিল্পৰ বুৰঞ্জী বিষয়টো সাধাৰণ আৰু বাধ্যতামূলক। ক’লা শিল্পৰ বুৰঞ্জী বিষয়টো হৈছে পৃথিৱীৰ ক’লা শিল্পৰ দৃশ্যমান বিষয়, -যাৰ নামটোৱেই পৰিচয়। বুৰঞ্জীৰ ঊষা কালত, মানৱ জীৱণৰ আৰম্ভনিৰ পৰা মানুহে নিজকে চাবলৈ শিল্পকৰ্মত অহোপুৰুষাৰ্থ কৰি আহিছে। যোগাযোগ, সৌন্দৰ্য্যবোধ বা ব্যক্তিগত আবেগ অনুভূতি প্ৰকাশৰ বাবে একেৰাহে আৰু অবিৰত ভাৱে কৰা যত্নৰ ফলশ্ৰুতি হৈছে দৃশ্যমান ক’লা। আৰু এই বিষয়টোৱে ; তেওঁলোকৰ উন্নয়নৰ বুৰঞ্জীৰ সময়ৰ অগ্ৰগতিত হোৱা দৃশ্যমান ক’লাৰ অগ্ৰগতিৰ অধ্যয়ন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে। লগে লগে অধ্যয়ন কৰিব লগা বিষয় বস্তুটোৰ দৃশ্য আৰু আড়াম্বৰৰ ধৰণটোও চোৱা হয়। বিষয়টোৱে শিল্প কৰ্মটোৰ দস্তুৰ, দৰ্শন আৰু সৌন্দৰ্য্যও ব্যাখ্যাৰ জৰিয়তে ধাৰণা কৰিব লগা হয়। শিল্প কৰ্মৰ বস্তুটো ধৰণ, ৰেখাৰ ব্যৱহাৰ, আকৃতি, ৰং, গভীৰতা, বিস্তৃতি আৰু সংযুক্তিও পৰীক্ষা কৰি ব্যাখ্যা কৰাৰ দৰ্কাৰ হয়। তদুপৰি বিভিন্ন ক’লাকৃতিৰ লগত সম্পৰ্কীত যেনে, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, সৌন্দৰ্য্যবোধক, আৰু ধৰ্মীয় গঢ়গতিকো বিষয়টোৱে পৰীক্ষা কৰি সামৰি লবলৈ অহোপুৰুষাৰ্থ কৰে।

বি.এফ.এ পাঠ্যক্ৰমৰ পাঠ্য তালিকাৰ বুৰঞ্জীয়ে ক’লা শিল্পৰ ঊষা কালৰ পৰাই অৰ্থাত্ প্ৰাগৈতিহাসিক কালৰ পৰাই আৰু পিছৰ পৰ্য্যায়ত ভিন ভিন সভ্যতাৰ ক’লা শিল্পৰ অধ্যয়ন কৰে। ক্ৰমশঃ এই বিষয়টোৱে ভাৰতীয় শিল্পক’লা, পশ্চিমীয়া শিল্পক’লা, মধ্য প্ৰাচ্যৰ শিল্পক’লা আৰু সুদূৰ প্ৰাচ্যৰ শিল্পক’লাৰ ওপৰত অধ্যয়ন কৰে। এনেদৰে এই বিষয়টোৱে দৃশ্যমান শিল্পক’লাৰ ঐতিহাসিক আৰু সময়ৰ লগে লগে হোৱা পৰিবৰ্ত্তনৰ বুৰঞ্জী অধ্যয়ন কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। অৱশেষত দৃশ্যমান ক’লা শিল্পৰ আধুনিক আৰু সমসাময়িক উন্নয়নৰ ওপৰতো বিষয়টোৰ জৰিয়তে হাত দিবলৈ চেষ্টা কৰি আছে। ইটোফালেদি ৰাজ্যখনৰ শৈল্পীক ঐতিহ্যকো হাত কৰিবলৈ চেষ্টা কৰি আছে।