মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

প্ৰৱেশ

  • আবেদনৰ নিয়ম আৰু প্ৰৱেশ

    গুৱাহাটীৰ চাৰু কাৰু ক’লা মহাবিদ্যালয়ত, অসমত, যিকোনো ভাৰতীয় নাগৰিকে প্ৰৱেশ(Admission) কৰিব পাৰে যদিহে তেওঁ হাই স্কুল শিক্ষান্ত পৰীক্ষা / উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা সমপৰ্য্যায়ৰ পৰীক্ষাত নিম্নতম ধাৰ্য্য কৰা নম্বৰ পায় উৰ্ত্তীৰ্ণ হৈছে।

    আবেদন পত্ৰ আৰু দাখিলৰ নিয়ম

    চৰকাৰী চাৰু কাৰু ক’লা মহাবিদ্যালয়, অসম, বশিষ্ট, গুৱাহাটী-২৯ ৰ অধ্যক্ষৰ কাৰ্য্যালয়ত আবেদন পত্ৰ উপলব্ধ হব।
    আবেদন পত্ৰখন সঠিক ভাৱে ভৰ্ত্তি কৰি বিশিষ্ট নথি সমূহ(আবেদন পত্ৰত উল্লেখ কৰা)সংলগ্ন কৰি সাধাৰণতে প্ৰতি বছৰে জুন / জুলাই মাহত দিয়া জাননী অনুসৰি আবেদন পত্ৰ দাখিলৰ শেষ দিনা বা তাৰ আগতে মহাবিদ্যালয়ৰ কাৰ্য্যালয়ত ব্যক্তিগত ভাৱে যায় দাখিল কৰিব লাগিব। উল্লেখিত শেষ দিনৰ পিচত দাখিল কৰা আবেদন পত্ৰ গ্ৰহণ কৰা নহয়।

    সকলো আবেদন পত্ৰত নিম্নোক্ত নথিসমূহৰ প্ৰত্যায়িত নকল সংলগ্ন কৰিব লাগিব।

    • জন্মৰ প্ৰমাণপত্ৰ/বয়সৰ প্ৰমাণ পত্ৰ
    • বিদ্যালয়ৰ অন্তিম পৰীক্ষাৰ উৰ্ত্তীৰ্ণ প্ৰমাণ পত্ৰ
    • অৱতীৰ্ণ হোৱা অন্তিম পৰীক্ষাৰ নম্বৰ তালিকা
    • অন্তিম অৱতীৰ্ণ হোৱা বিদ্যালয় / মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষৰ পৰা চৰিত্ৰৰ প্ৰমাণ পত্ৰ
    • স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
    • অনুসূচীত জাতি / জনজাতি(প্ৰাৰ্থীজন এই বিভাগৰ হলে)/ অ’.বি.চি, এম.অ’.বি.চি. ৰ প্ৰমাণ পত্ৰ
    • প্ৰব্ৰজনৰ প্ৰমাণ পত্ৰ
    • পাৰপত্ৰ আকাৰৰ দুখন ফটোগ্ৰাফ
    • মেডিকেল ফিটনেচ চাৰ্টিফিকেট
    • পিতৃ / অভিভাৱকৰ আয়ৰ প্ৰমাণ পত্ৰ

    নিৰ্বাচন প্ৰক্ৰিয়া

    • চাৰু কাৰু ক’লা পাঠ্যক্ৰমৰ সকলো উপযুক্ত প্ৰাৰ্থীয়ে মহাবিদ্যালয় কৰ্ত্তৃপক্ষই অনুস্থিত কৰা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক
    • প্ৰাৰ্থী সকলে পৰীক্ষাৰ বাবে নিজা নিজা ক‘লাৰ সামগ্ৰী যেনে- পেঞ্চিল, ৰঙৰ বাকচ, ব্ৰাচ, ৰবৰ আদি আনিব লাগিব।
    • প্ৰাৰ্থী সকলে কল্পনা ভিত্তিত, বিশেষকৈ অসমৰ বৰ্ত্তমানৰ ক‘লা-শিল্পৰ সন্দৰ্ভত, ক‘লাৰ ক্ষেত্ৰত যথেষ্ট সাধাৰণ জ্ঞান থকা বুলি আশা কৰা হৈছে।
    • প্ৰৱেশ পৰীক্ষাৰ ধৰণটোত প্ৰায়োগিক কৰ্মসম্পাদন পৰীক্ষা, থিয়ৰিৰ জ্ঞান আৰু পৰীক্ষাৰ বহী মূল্যায়ন আৰু নিৰীক্ষণৰ পিচত পৰিচালনা কৰা হব।
    • কৃতকাৰ্য্য হোৱা প্ৰাৰ্থী সকলহে মৌখিক পৰীক্ষাৰ বাবে মতা হব।
    • সমিতিখনে নামভৰ্তিৰ প্ৰাৰ্থী নিৰ্বাচন কৰাৰ পিছত চূড়ান্ত হব।
    • এডমিচন পৰীক্ষাৰ ফলাফলৰ ভিত্তিত মেধাৰ তালিকা বনোৱা হব(সংৰক্ষিত আৰু অসংৰক্ষিত প্ৰাৰ্থীকে ধৰি)
    • ফলাফল ঘোষণাৰ দিনা নিৰ্বাচিত প্ৰাৰ্থীৰ নাম মহাবিদ্যালয়ৰ নটিচ বোৰ্ড আৰু ৱেব চাইটত উপলব্ধ হব।
    • আবেদনকাৰী সকলে অধিক জানিবলৈ মহাবিদ্যালয়ৰ কাৰ্য্যালয়ত যোগাযোগ কৰক
    • প্ৰৱেশৰ বাবে সংবাদ পোৱাৰ লগে লগে নতুন শ্ৰেণী আৰম্ভৰ দিনাখনেই প্ৰাৰ্থীসকলে মহাবিদ্যালয়ত যোগদান কৰিব লাগিব, অৰ্থাত্ আগষ্টৰ ১ তাৰিখ বা মহাবিদ্যালয় কৰ্ত্তৃপক্ষই স্থিৰ কৰা তাৰিখত।
    • যোগদানৰ দিন সাধাৰণতে পিছুৱাই দিয়া নহয়।