মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

নিৰ্বাচনৰ প্ৰক্ৰিয়াঃ-

    • ‘সুকুমাৰ কলাত স্নাতক’ পাঠ্যক্ৰমৰ বাবে উপযুক্ত সকলো প্ৰাৰ্থীয়ে মহাবিদ্যালয় কৰ্ত্তৃপক্ষই অনুস্থিত কৰা প্ৰৱেশ পৰীক্ষাত বাধ্যতামূলক ভাৱে বহিব লাগিব।
    • প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে নিজা নিজা ক’ লাৰ সামগ্ৰী যেনে-,পেঞ্চিল, ৰঙৰ বাকচ,ব্ৰাচ, ৰবৰ আদি আনিব লাগিব।
    • প্ৰাৰ্থীসকলে কল্পনা ভিত্তিত, বিশেষকৈ অসমৰ বৰ্ত্তমানৰ ক’লা শিল্পৰ সন্দৰ্ভত,ক’লাৰ ক্ষেত্ৰত যথেষ্ট সাধাৰণ জ্ঞান থকা বুলি আশা কৰা হৈছে।
    • প্ৰৱেশ পৰীক্ষাৰ ধৰণটোত প্ৰায়োগিক কৰ্ম সম্পাদন পৰীক্ষা, কাল্পনিক জ্ঞান আৰু পৰীক্ষাৰ বহী মূল্যায়ন আৰু নিৰীক্ষনৰ পিচত পৰিচালনা কৰা হব।
    • কৃতকাৰ্য্য হোৱা প্ৰাৰ্থী সকলহে মৌখিক পৰীক্ষাৰ বাবে মতা হব।
    • এডমিচন কমিটি এখনে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ পিছত চূড়ান্ত হব।
    • এডমিচন পৰীক্ষাৰ ফলাফলৰ ভিত্তিত মেধাৰ তালিকা বনোৱা হব(সংৰক্ষিত আৰু অসংৰক্ষিত প্ৰাৰ্থীকে ধৰি)
    • ফলাফল ঘোষণাৰ দিনা নিৰ্বাচিত প্ৰাৰ্থীৰ নাম মহাবিদ্যালয়ৰ নটিচ বোৰ্ড আৰু ৱেব চাইটত উপলব্ধ হব।
    • আবেদনকাৰী সকলে অধিক জানিবলৈ মহাবিদ্যালয়ৰ কাৰ্য্যালয়ত যোগাযোগ কৰক
    • প্ৰৱেশৰ বাবে সংবাদ পোৱাৰ লগে লগে নতুন শ্ৰেণী আৰম্ভৰ দিনাখনেই প্ৰাৰ্থীসকলে মহাবিদ্যালয়ত যোগদান কৰিব লাগিব, অৰ্থাত্ আগষ্টৰ ১ তাৰিখ বা মহাবিদ্যালয় কৰ্ত্তৃপক্ষই স্থিৰ কৰা তাৰিখত।
    • যোগদানৰ দিন সাধাৰণতে পিছুৱাই দিয়া নহয়।