মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

ইতিহাস

  • ১৯৪৭ চনত স্বৰ্গীয় জীৱেশ্বৰ একেবাৰে ক্ষুদ্ৰ পৰিসৰত এই অনু্স্থানখন সৃ্ষ্টি কৰিছিল। পিছৰ পৰ্য্যায়ত প্ৰখ্যাত শিল্পী স্বৰ্গীয় ডঃশোভা ব্ৰহ্ম ডাঙৰীয়াই অনুস্থানৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে ; যিজনৰ ত্যাগ, আত্মোত্সৰ্গ আৰু সহায়ত অনুস্থানখনে সঠিক দিশত আগবাঢ়িবলৈ সক্ষম হৈছে। ১৯৭০ চনত অনুস্থানখন চৰকাৰী চাৰু-কাৰু বিদ্যালয় বুলি নামাকৰণ কৰি চৰকাৰীকৰণ কৰা হয়।

    সেই সময়ত এই ‘আৰ্ট স্কুল’ খনে মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰৰ বাবে ৫ বছৰীয়া “ ডিপ্লোমা হ’ল ফাইন আৰ্টচ” পাঠ্যক্ৰম প্ৰৱৰ্ত্তন কৰিছিল। ১৯৯০ চনত সেই বিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত “ ডিগ্ৰী কলেজলৈ” উন্নীত হয়। মহাবিদ্যালয়খনে গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰা ‘বেচ্চেলৰ অৱ ফাইন আৰ্ট’ ডিগ্ৰী দিয়ে। বৰ্ত্তমান অসমত এইখনেই চাৰু-ক’লাৰ একমাত্ৰ মহাবিদ্যালয়।বৰ্ত্তমান মহাবিদ্যালয়খনে কেইবাজনো বিখ্যাত শিল্পীৰ সেৱা আৰু সাহায্য লাভৰ সুযোগ পাইছে, যি কেইজনে তেওঁলোকৰ ব্যক্তিগত দুৰদৰ্শিতা আৰু অভিজ্ঞতা আৰু ক’লা সুলভ জ্ঞানেৰে মহাবিদ্যালয়খনৰ মৰ্য্যাদা বৃদ্ধি কৰিছে।