মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

চৰকাৰী চাৰু-কাৰু মহাবিদ্যালয়ৰ বিষয়ে

মহাবিদ্যালয়খনৰ বিষয়েঃ-

চৰকাৰী চাৰু কাৰু মহাবিদ্যালয় গুৱাহাটী (অসম)খন দৃশ্যমান ক’লা শিক্ষা দিয়া এখন উল্লেখযোগ্য প্ৰতিস্থান। উত্তৰ-পূৰ্ব্বাঞ্চলত এনেধৰণৰ এইখনেই অগ্ৰগামী অনুস্থান। কিম্বদন্তী বশিষ্ঠ মন্দিৰৰ ওচৰত চহকী সেউজ বুলীয়া হাবি আৰু পাহাৰৰ মাজত প্ৰতিস্থিত মহাবিদ্যালয় খন অতি শ্ৰেষ্ঠ গহীন গম্ভীৰ পাৰিপাৰ্শ্বিকতাৰ মাজত আছে।

চৌহদঃ

অসম চৰকাৰৰ ৰাজহ বিভাগৰ অধিসূচনা নং-RSS/474/77/34  তাৰিখ ৬.১১.৭৯ মৰ্মে অসম চৰকাৰে বশিষ্ঠ মন্দিৰ পথত ২০ বিঘা মাটি আবন্টন দিছে। সেই সময়ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২০০৫ চনৰ ২৩ চেপ্তেম্বৰ তাৰিখে উদ্ধোধন কৰা দিনৰে পৰা মহাবিদ্যালয়খনে এই চৌহদৰ পৰাই কাম চলাই আছে।

স্থান

অসমৰ(ভাৰত)কামৰূপ জিলাৰ গুৱাহাটী মহানগৰৰ বশিষ্ঠৰ বশিষ্ঠ মন্দিৰ পথত মহাবিদ্যালয়খন অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠ চাৰিআলি চ‘কৰ পৰা মহাবিদ্যালয়লৈ ২ কিঃমি, আই.এছ.বি.টি.ৰ পৰা ১০ কিঃমি আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় ১৮ কিঃমিঃ। এল.জি.বি আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মহাবিদ্যালয়ৰ দূৰত্ব প্ৰায় ৩০ কিঃমি।

সংযোগ ব্যৱস্থা

মহাবিদ্যালয়খনৰ ভালদৰেই পথ সংযোগ আছে আৰু মহাবিদ্যালয়ৰ পৰা নিয়মিত ভাৱে চিটি বাছ অহা-যোৱা কৰি থাকে।

পাঠ্যক্ৰম

ক’লা মহাবিদ্যালয়খনে পাঁচ বছৰীয়া(২+২+১)কলাৰ সংযুক্ত পাঠ্যক্ৰমৰ সমাপ্ত কৰি ‘বেচ্চেলৰ অৱ ফাইন আৰ্টচ’ ডিগ্ৰী দিয়ে। পাঠ্যক্ৰমৰ প্ৰথম দুবছৰ হৈছে প্ৰাৰম্ভিক পাঠ্যক্ৰম আৰু পিছৰ তিনিবছৰত(১ ম খণ্ড আৰু ২ য় খণ্ড) নিম্ন উল্লেষিত যিকোনো এটা বিষয়ত বিশেষজ্ঞৰ প্ৰশিক্ষণ দিয়েঃ-

  • চিত্ৰ ক’লা
  • প্ৰায়োগিক ক’লা
  • ভাস্কৰ্য্য
  • গ্ৰাফিক আৰ্ট
  • এই সকলো পাঠ্যক্ৰমৰ লগত আছে ভাষা সাহিত্যৰ বিষয়(এম.আই.অল / ইংৰাজী) আৰু প্ৰাৰম্ভিক স্তৰত কাৰু শিল্প বাধ্যতামূলক। ক’ লা শিল্পৰ বুৰঞ্জী বিষয়টো ১ম বৰ্ষৰ পৰা ৫ ম বৰ্ষলৈ বাধ্যতামূলক।

আসনৰ ক্ষমতা

প্ৰতিটো বছৰতে এডমিচনৰ বাৰ্ষিক ক্ষমতা কমেও ৩০ জন, যিটো সংখ্যা সময়ে সময়ে ঠাইৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব পাৰে।

চেছন

আগষ্টৰ পৰা নতুন চেছন আৰম্ভ হয় আৰু নতুন এডমিচন মে/জুন মাহত আৰম্ভ হয়।

এডমিচন আৰু আবেদনৰ নিয়ম

গুৱাহাটীৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়, অসমত যিকোনো ভাৰতীয় নাগৰিকে এডমিচন লব পাৰে, যদিহে তেওঁ HSLC/HSSLC  বা সমপৰ্য্যায়ৰ পৰীক্ষাত নিম্নতম ধাৰ্য্য কৰা নম্বৰ পায় উত্তীৰ্ণ হৈছে।

নিৰ্বাচন প্ৰক্ৰিয়া

চাৰু কাৰু ক’লা পাঠ্যক্ৰমৰ সকলো উপযুক্ত প্ৰাৰ্থীয়ে মহাবিদ্যালয় কৰ্ত্তৃপক্ষই অনুস্থিত কৰা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক।  প্ৰাৰ্থী সকলে পৰীক্ষাৰ বাবে নিজা নিজা ক‘লাৰ সামগ্ৰী যেনে,-পেঞ্চিল, ৰঙৰ বাকচ, ব্ৰাচ, ৰবৰ আদি আনিব লাগিব।প্ৰাৰ্থী সকলে কল্পনাৰ ভিত্তিত, বিশেষকৈ অসমৰ বৰ্ত্তমানৰ ক‘লা-শিল্পৰ সন্দৰ্ভত, ক‘লাৰ ক্ষেত্ৰত যথেষ্ট সাধাৰণ জ্ঞান থকা বুলি আশা কৰা হৈছে। প্ৰৱেশ পৰীক্ষাৰ ধৰণটোত প্ৰায়োগিক কৰ্ম-সম্পাদন পৰীক্ষা, কাল্পনিক জ্ঞান আৰু পৰীক্ষাৰ বহী মূল্যায়ন আৰু নিৰীক্ষণৰ পিছত পৰিচালনা কৰা হব। কৃতকাৰ্য্য হোৱা প্ৰাৰ্থী সকলকহে মৌখিক পৰীক্ষাৰ বাবে মতা হব। বিহিত সমিতিখনে প্ৰৱেশৰ বাবে নিৰ্বাচন কৰিব আৰু তেওঁলোকৰ সিদ্ধান্তই পিছত চূড়ান্ত হব।

‘প্ৰৱেশ পৰীক্ষাৰ’ ফলাফলৰ ভিত্তিত মেধাৰ তালিকা প্ৰস্তুত কৰা হব(সংৰক্ষিত আৰু অসংৰক্ষিত প্ৰাৰ্থীকে ধৰি) ফলাফল ঘোষণাৰ দিনা নিৰ্বাচিত প্ৰাৰ্থীৰ নাম মহাবিদ্যালয় কৰ্ত্তৃপক্ষৰ সুবিধামতে মহাবিদ্যালয়ৰ ‘ নটিচ বোৰ্ডত’ উপলব্ধ হব।প্ৰাৰ্থীসকলক মহাবিদ্যালয়ৰ কাৰ্য্যালয়ত অনুসন্ধান কৰিবলৈ পৰামৰ্শ দিয়া হ’ল।

প্ৰৱেশৰ বাবে সংবাদ পোৱাৰ লগে লগে নতুন শ্ৰেণী আৰম্ভ হোৱাৰ দিনাখনেই প্ৰাৰ্থী সকলে মহাবিদ্যালয়ত যোগদান কৰিব লাগিব, অৰ্থাত্ আগষ্টৰ ১ তাৰিখ বা মহাবিদ্যালয় স্থিৰ কৰা তাৰিখত।যোগদানৰ দিন সাধাৰণতে পিছুৱাই দিয়া নহয়।

পৰীক্ষাসমূহঃ-

প্ৰথম বৰ্ষ আৰু তৃতীয় বৰ্ষৰ বাৰ্ষিক পৰীক্ষা চাৰু-কাৰু মহাবিদ্যালয় কৰ্ত্তৃপক্ষই অনুস্থিত কৰিব আৰু বাকী পৰীক্ষা সমূহ অৰ্থাত্ দ্বিতীয় বৰ্ষ(প্ৰাৰম্ভিক), চতুৰ্থ বছৰ (বি.এফ.এ.১ ম খণ্ড) আৰু পঞ্চম বছৰ(বি.এফ.এ.২য় খণ্ড)ৰ পৰীক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ে অনুস্থিত কৰিব। ছাত্ৰসকলে আন্তঃপৰীক্ষাত উত্তীৰ্ণ হবলৈ হলে প্ৰায়োগিক পৰীক্ষাত নিম্নতম ৪০ % আৰু থিয়ৰি পৰীক্ষাত (ক’লা শিল্পৰ বুৰঞ্জী)নিম্নতম ৩০ %  নম্বৰ পাব লাগিব।

বাৰ্ষিক বন্ধসমূহ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু চৰকাৰে ঘোষণা কৰা মতে মহাবিদ্যালয়ে বছৰত চাৰিটা প্ৰধান বন্ধ পালন কৰেঃ (১) গ্ৰীষ্ম বন্ধ, (২) ৰঙালী বিহু, (৩) পূজাৰ বন্ধ, (৪) শীতৰ বন্ধ।
বিঃদ্ৰঃ- এয়া মাত্ৰ খবৰটোহে, গুৱাহাটী বিশ্ববিদ্যালয় আৰু চৰকাৰৰ নিৰ্দ্দেশত ই সাল-সলনি হব পাৰে।

প্ৰাৰ্থীসকললৈ সাধাৰণ জাননীঃ-

উপৰোক্ত পাঠ্যক্ৰমৰ বাবে আসনৰ সংখ্যা সীমিত আৰু লিখিত পৰীক্ষা, প্ৰায়োগিক পৰীক্ষা আৰু ইন্টাৰভিউৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি এডমিচন কমিটিৰ মতামতেই চূড়ান্ত বুলি গণ্য কৰা হব।

  • বৰ্ত্তমাণ কোনো ধৰণৰ হোষ্টেলৰ সুবিধা নাই
  • ছাত্ৰসকলে মহাবিদ্যালয় চৌহদত থকা সময়খিনিত সাৱধানে থাকি কৰ্ত্তৃপক্ষই নিৰ্দ্ধাৰণ কৰা নিয়মানুবৰ্ত্তিতা মানি চলিব লাগিব আৰু নিয়মানুবৰ্ত্তিতা ভঙ্গ কৰা ছাত্ৰৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্থা লোৱা হব।
  • প্ৰতিস্থানৰ অতিৰিক্ত পাঠ্যক্ৰমৰ ওপৰঞ্চি কামত সকলো ছাত্ৰই অংশ গ্ৰহণ কৰিব লাগিব।
  • বাৰ্ষিক / অন্তিম পৰীক্ষাত অৱতীৰ্ণ হবলৈ হলে প্ৰতিটো বৰ্ষৰ ছাত্ৰই কমেও ৭৫ % উপস্থিতি থকা হ’ব লাগিব।
  • বিভাগীয় শিক্ষকসকলে কৰা আন্তঃমূল্যায়ণত (Internal Assessment) উত্তীৰ্ণ হব লাগিব।