মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ চাৰু-কাৰু ক’লা মহাবিদ্যালয়

বৃত্তি আৰু পুৰস্কাৰ সমূহ

চৰকাৰী আৰু ক’লা মহাবিদ্যালয়ত বৰ্ত্তমান নিম্নোক্ত বৃত্তিসমূহ উপলব্ধঃ-

মেধা বৃত্তি

  • এই বৃত্তিটো মহাবিদ্যালয়ৰ বি.এফ.এ পাঠ্যক্ৰমৰ বিশেষ আৰু মেধাৱী ছাত্ৰলৈ আগবঢ়োৱা হয়।
  • এই বৃত্তিটো অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আগবঢ়াই।
  • প্ৰতিটো শ্ৰেণীৰ (১ ম বৰ্ষৰ পৰা ৫ ম বৰ্ষলৈ) ৩ জন ছাত্ৰলৈ  এই বৃত্তিটো আগবঢ়োৱা হয়।
  • এই বৃত্তিটো প্ৰতিবছৰে দিয়া হয়।

অনুসূচীত জাতি /জনজাতি বৃত্তি

  • এই বৃত্তিটো অসম চৰকাৰৰ আই.টি.ডি.পি বিভাগৰ প্ৰকল্প সঞ্চালকে আগবঢ়াই।
  • এই বৃত্তিটো অসমৰ অনুসূচীত জাতি/জনজাতিৰ ছাত্ৰৰ বাবে উপলব্ধ।

অন্যান্য পিছপৰা শ্ৰেণীৰ বৃত্তি

  • এই বৃত্তিটো অসম চৰকাৰৰ কল্যান বিভাগৰ সঞ্চালকে(মহকুমা) আগবঢ়াই।
  • এই বৃত্তিটো অসম ৰাজ্যৰ অ’ বি.চি. ছাত্ৰসকলৰ বাবে উপলব্ধ।

**উত্তৰ-পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ/সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণৰ কেন্দ্ৰ আদিৰ দৰে সংস্থাইও কেতিয়াবা মহাবিদ্যালয়ৰ ছাত্ৰসকললৈ পুৰস্কাৰ / বৃত্তি আগবঢ়াই।